Physics Practical: Class 12 : Experiment 3 : Meter Bridges

Expt. No. 3

উদ্দেশ্যঃ

মিটাৰ ব্ৰীজৰ সহায়ত ৰোধৰ মান নিৰ্ণয় কৰিব লাগে।

সঁজুলিঃ

মিটাৰ ব্ৰীজ, গ্যালভেন’মিটাৰ, প্লাগ কী, ৰোধবাকচ, অজ্ঞাত ৰোধ, সংযোগকাৰী তাৰ, পৰীক্ষণীয় বেটাৰী ইত্যাদি।

কাৰ্যনীতিঃ

① অজ্ঞাত ৰোধ x মিটাৰ ব্ৰীজৰ বাওঁ ফালৰ আৰু জ্ঞাত ৰোধ R তাৰ সোঁফালৰ খালী ঠাইত সংযোগ কৰিলে সন্তুলিত অৱস্থাত

X=(100−ll)X=\left(\frac{100-l}{l}\right)R

ইয়াত l সন্তুলন দীঘ।

কাৰ্যপদ্ধতিঃ

① বৰ্তনী চিত্ৰ আঁকি সঁজুলিবোৰ চিত্ৰত দেখুওৱাৰ দৰে সংযোগ কৰা হ’ল।

② ব্ৰীজৰ কাৰ্যক্ষমতা উপযোজন কৰিবৰ বাবে নিম্ন মানৰ ৰোধ বাকচ এটাৰ সংযোগ কৰা হ’ল। সংযোগকাৰী তাৰৰ প্ৰতি A আৰু C ৰ মাজত চাবিৰ সংযোগ কৰা হ’ল।

গ্যালভেন’মিটাৰ এটাৰ মুখ মিটাৰ ব্ৰীজৰ D মূৰত আৰু আনটো মূৰ জকীৰ লগত সংযোগ কৰা হয়।

③ R ৰ মান এনেকৈ উপযোজন কৰা হয় যে তাৰডালৰ দুই মূৰত গ্যালভেন’মিটাৰৰ বিক্ষেপণ বিপৰীত মুখী হয়।

④ R ৰ মান তেনেকৈ উপযোজন কৰা হয় যাতে ভাৰসাম্য বিন্দুটো বাওঁফালৰ পৰা (45–55 cm45\text{–}55\text{ cm} )ৰ ভিতৰত হয়। তাৰডালৰ পৰা ভাৰসাম্য বিন্দুৰ পাঠ লোৱা হয়। ই AB=l ৰ মান।

⑤ R ৰ মান ক্ৰমান্বয়ে (1 Ω\Omega) কৈ সলনি কৰি তেনেদৰে চাৰিটা পাঠ লোৱা হয়।

পৰ্যবেক্ষণ:

অজ্ঞাত ৰোধৰ মানৰ তালিকা :

নিৰীক্ষণৰোধ বাকচৰ ৰোধ (R (Ω)(R\ (\Omega)ভাৰসাম্য বিন্দুৰ D ৰ দূৰত্ব AB=l (cm)AB = l\text{ (cm)}(100−l) (cm)100 – l)\text{ (cm)}অজ্ঞাত ৰোধ X=(100−ll)RX = \left(\frac{100-l}{l}\right) Rগড় ৰোধ R
15
26
37
48
59

গড় ৰোধ X =

=

=

= __ Ω\Omega

কাৰ্য্যফলঃ অজ্ঞাত ৰোধ X = 4.59 Ω \Omega

সতৰ্কতাঃ

① জ্ঞাত R আৰু অজ্ঞাত X ৰোধৰ মাজত থকা চাবি হলাব নালাগে।

② জকীৰ জোঙা মূল অংশটি স্থিৰ বিন্দুত বহুওৱাৰ সময়ত বেছি জোৰেৰে হেঁচিব নালাগে।

③ ৰোধ বাকচৰ প্লাগবোৰ টানকৈ লগাব লাগে।

ভুলৰ উৎসঃ

① সঁজুলিৰ সংযোগ ঢিলা হৈ থাকিব পাৰে।

② চাবি ব্যবহাৰ নকৰাকৈ প্লাগ অপৰিষ্কাৰ হৈ ঢিলাকৈ থাকিলে ৰোধৰ উদ্ভব হ’ব পাৰে।

③ কাঁটা তাঁৰডালৰ প্ৰস্থচ্ছেদ সকলো ঠাইতে সমান নহবও পাৰে।