Expt. No. 2
উদ্দেশ্যঃ দক্ষিণ মেৰু উত্তৰ মুখাকৈ ৰাখি চুম্বকীয় মধ্যতলত স্থাপিত দণ্ড চুম্বকৰ চৌপাশে চুম্বক বলৰেখা অংকন কৰি উদাসীন বিন্দু চিহ্নিত কৰিব লাগে।
সঁজুলিঃ ড্ৰয়িং বোৰ্ড আৰু পিন, দণ্ড চুম্বক, চুম্বকশলা, কাগজ, পিন আদি।
মূলনীতিঃ
চুম্বকক্ষেত্ৰৰ যি বক্ৰৰেখাৰ প্ৰত্যেক বিন্দুতে টনা স্পৰ্শকে সেইবিন্দুৰ লব্ধ চুম্বক-ক্ষেত্ৰৰ দিশ নিৰ্দেশ কৰে, তাকে চুম্বক বলৰেখা বোলে। চুম্বক ক্ষেত্ৰৰ যিকোনো বিন্দুত ৰখা চুম্বক শলা সেই বিন্দুৰ বল ৰেখাৰ স্পৰ্শকৰ দিশত স্থিৰ হৈ থাকে।
যি বিন্দুত ভূ-চুম্বক ক্ষেত্ৰৰ প্ৰাবল্যই দণ্ড চুম্বকৰ প্ৰাবল্যক প্ৰশমিত কৰে, তাক উদাসীন বিন্দু বোলে। এই বিন্দুত লব্ধ ক্ষেত্ৰ প্ৰাবল্যৰ মান শূন্য। ইয়াত ৰখা চুম্বক শলাই যিকোনো দিশ নিৰ্দেশ কৰিব।
কাৰ্যপদ্ধতিঃ
১. ড্ৰয়িং বোৰ্ডত কাগজখন লগাই পৰীক্ষামেজগৰ পৰা চুম্বক আৰু চুম্বকীয় বস্তুবোৰ আঁতৰ কৰা হয়। কাগজৰ তলৰ অংশত দণ্ড চুম্বকডাল ৰাখি তাৰ চাৰিসীমা অঁকা হয়। এতিয়া চুম্বকডাল আঁতৰাই তাৰ চাৰিসীমাত চুম্বক শলাডাল ৰাখি বোৰ্ডখন লাহেকৈ তেনেকৈ ঘূৰোৱা হয়, যাতে চুম্বকৰ চাৰিসীমা চুম্বক শলাৰ সমান্তৰাল হয়।
২. বোৰ্ডখনৰ চাৰিওফালে পেঞ্চিলেৰে দাগ দিয়া হয় যাতে লচৰ হ’লেও বোৰ্ডখন আকৌ আগৰ ঠাইলৈ আনিব পাৰি। চুম্বকডাল চাৰিসীমাতে তেনেকৈ ৰখা হয়, যাতে তাৰ দক্ষিণমেৰু ভৌগোলিক উত্তৰ মেৰুৰ দিশে থাকে।
৩. চুম্বক শলাডাল চুম্বকৰ উত্তৰ মেৰুৰ ওচৰত ৰখা হয়। কাঁটাডাল স্থিৰ হ’লে তাৰ দুইমূৰত দুটা চিন দিয়া হয়। শলাডালৰ স্থান তেতিয়া আকৌ তেনেকৈ পৰিৱৰ্তন কৰা হয় যাতে আগৰ দক্ষিণমেৰুৰ দাগটো ইয়াৰ দক্ষিণৰ তলত থাকে। সেইবাৰ দক্ষিণমেৰুৰ তলত তেতিয়া দাগ দিয়া হয়। সেইদৰে চুম্বকশলাৰ স্থান পৰিৱৰ্তন কৰি সিটো মেৰু নোপোৱালৈ দাগদি যোৱা হয়। তেতিয়া মুক্ত ৰেখাৰ দ্বাৰা এই দাগবোৰ সংযোগ কৰা হয়। কাঁড় চিনেৰে তাৰ দিশ নিৰ্দেশ কৰা হয়। সেইডালেই বলৰেখা।
৪. সেইদৰে চুম্বকডালৰ এফালৰ কিছুসংখ্যক বলৰেখা অঁকা হয়। ক্ৰমে বলৰেখাবোৰৰ দূৰত্ব বাঢ়ি গৈ থাকে, কিছুদূৰত বলৰেখা আঁকি গ’লে অঞ্চল দুটা ক্ৰমে সৰু হৈ এটা বিন্দুত হ’বগৈ। ইয়েই উদাসীন বিন্দু। সেই বিন্দুত চুম্বক শলা যেনেকৈ ৰখা যায়, তেনেকৈ থাকে। সেই বিন্দুত (X) চিন দিয়া হয়।
৫. চুম্বকডালৰ কিছু আঁতৰত চাৰিডাল বলৰেখাই আগুৰা অঞ্চল ৰৈ যায়। সেই অঞ্চলত বেছি সংখ্যক বলৰেখা আঁকি গ’লে অঞ্চল দুটা ক্ৰমে সৰু হৈ এটা বিন্দুত হ’বগৈ। ইয়েই উদাসীন বিন্দু।
সেই বিন্দুত চুম্বক শলা যেনেকৈ ৰখা হয়, তেনেকৈ থাকে। সেই বিন্দুত (X) চিন দিয়া হয়।
পৰ্যবেক্ষণঃ
অংকিত বলৰেখা চিত্ৰত দেখুওৱা হৈছে।

ফলাফলঃ
উদাসীন বিন্দু চুম্বকৰ লম্ব অক্ষত পোৱা যাব।
সতৰ্কতাঃ
① বলৰেখাৰ দিশ কাঁড় চিনেৰে নিৰ্দেশ কৰিব লাগে।
② ভূ-চুম্বকৰ বলৰেখাৰ দিশ ভৌগোলিক দক্ষিণ মেৰুৰ পৰা উত্তৰ মেৰুলৈ হয়।