Note : Class 11: Unit -7 : Physics : Assamese

অধ্যায়-7   |  ভৌতিক পদাৰ্থৰ যান্ত্ৰিক ধৰ্ম

✳️ পদাৰ্থৰ গঠন : পদাৰ্থবোৰ কিছুমান ক্ষুদ্ৰ ক্ষুদ্ৰ অণুৰে গঠিত। অণুবোৰ আকৌ এটা বা একাধিক পৰমাণুৰে গঠিত।

✳️ আন্তঃ পাৰমাণৱিক বল : পৰমাণুৰ নিউক্লিয়াছ আৰু ইলেক্ট্ৰনবোৰৰ মাজত ক্ৰিয়া কৰা বিদ্যুৎ চুম্বকীয় বলে পৰমাণুবোৰ লগ লগাই অণু সৃষ্টি কৰে, এই বলক আন্তঃ পাৰমাণৱিক বল বোলে।

✳️ আন্তঃ আণৱিক বল :  অণুবোৰৰ মাজত পৰস্পৰে – পৰস্পৰৰ লগত আকৰ্ষণ বল ক্ৰিয়া কৰে এই বলক আন্তঃআণৱিক বল বোলে।

✳️ আন্তঃ পাৰমাণৱিক বল আৰু আন্তঃ আণৱিক বলৰ মাজৰ পাৰ্থক্য তলত উল্লেখ কৰা হ’ল :-

 i) আন্তঃ পাৰমাণৱিক বল , এই বল পৰমাণু দুটাৰ মাজৰ দূৰত্বৰ ওপৰত নিৰ্ভৰ কৰে। |আন্তঃ আণৱিক বল অণু দুটাৰ দূৰত্ব, স্থিতি আৰু সিঁহতৰ স্থানিক অৱস্থানৰ ওপৰত নিৰ্ভৰশীল। |

ii) আন্তঃ আণৱিক বলতকৈ আন্তঃ পাৰমাণৱিক বল (50-100) গুণে শক্তিশালী। | ii) আন্তঃ পাৰমাণৱিক বলতকৈ আন্তঃ আণৱিক বল দুৰ্বল। |

iii) পৰমাণু দুটাৰ মাজত সাম্য দূৰত্ব অণুতকৈ কম। অণু দুটাৰ মাজৰ সাম্য দূৰত্ব পৰমাণু দুটাৰ মাজৰ সাম্য দূৰত্বতকৈ বেছি। Ex:- O_2 ৰ সাম্য দূৰত্ব = 1.2 Å | Ex:- O2 অণুৰ সাম্য দূৰত্ব = 2.9 Å|

📑 পদাৰ্থৰ অৱস্থা (State of Matter):সাধাৰণতে পদাৰ্থৰ অণু তিনিটা অৱস্থাত পোৱা যায়:

  1. কঠিন অৱস্থা:  কঠিন পদাৰ্থৰ অণুবোৰৰ মাজৰ দূৰত্ব অতি কম আৰু আন্তঃআণৱিক আকৰ্ষণ বল অতি বেছি। ইয়াৰ নিৰ্দিষ্ট আয়তন আৰু আকৃতি (গঠন) থাকে। গঠন অনুসৰি ইয়াক দুটা ভাগত ভগাব পাৰি:  * স্ফটিকীয় (উদাহৰণ: হীৰা) * অস্ফটিকীয় (উদাহৰণ: ৰবৰ, কাঁচ)
  2. জুলীয়া অৱস্থা: অণুবোৰৰ মাজৰ দূৰত্ব কঠিনতকৈ সামান্য বেছি। ইয়াৰ নিৰ্দিষ্ট আয়তন থাকে, কিন্তু কোনো নিৰ্দিষ্ট আকাৰ বা আকৃতি নাথাকে।
  3. গেছীয় অৱস্থা:  অণু আৰু পৰমাণুবোৰৰ মাজৰ ব্যৱধান অতি বেছি। ইহঁতৰ মাজৰ আন্তঃআণৱিক বল অতি কম বা দুৰ্বল। গেছীয় পদাৰ্থৰ কোনো নিৰ্দিষ্ট আয়তন আৰু নিৰ্দিষ্ট আকাৰ নাথাকে।

🧱 দৃঢ় বস্তু (Rigid Body): কোনো বাহ্যিক বল প্ৰয়োগ কৰাৰ পাছতো যদি বস্তু এটাৰ ভিতৰত থকা অণু আৰু পৰমাণুবোৰৰ আপেক্ষিক স্থানান্তৰ নহয় (অৰ্থাৎ আকৃতিৰ সলনি নহয়), তেন্তে তেনে বস্তুক দৃঢ় বস্তু বোলা হয়।

 🔄 স্থিতিস্থাপকতা (Elasticity): পদাৰ্থৰ যি ধৰ্মৰ বাবে কোনো বাহ্যিক বল অপসাৰণ (আঁতৰাই) কৰিলে পদাৰ্থটোৱে পুনৰ নিজৰ পূৰ্বৰ অৱস্থা বা আকৃতিলৈ ঘূৰি আহে নাইবা ঘূৰি আহিবলৈ চেষ্টা কৰে, তাক স্থিতিস্থাপকতা বোলে।

প্ৰতিচাপ :- একক ক্ষেত্ৰফলৰ ওপৰত ক্ৰিয়া কৰা প্ৰতিঅৱৰোধী বলক প্ৰতিচাপ বোলে।

 প্ৰতিচাপ = বিকৃতিৰকাৰী বল \ ক্ষেত্ৰফল

প্ৰতিচাপৰ S.I একক N/m2 বা Pa. (pascal)

প্ৰতিচাপৰ মাত্ৰিক সূত্ৰ হ’ল [ML-1T-2]

প্ৰতিচাপ মূলতে দুই প্ৰকাৰৰ :-

(i) অভিলম্ব প্ৰতিচাপ (Normal stress) :- কোনো বস্তুৰ একক পৃষ্ঠকালিৰ ওপৰত লম্বভাৱে ক্ৰিয়া কৰা বিকৃতিৰকাৰী বলৰ ফলত বস্তুটোৰ প্ৰতিএকক পৃষ্ঠকালিত সৃষ্টি হোৱা পুনঃুদ্ধাৰকাৰী বলক অভিলম্ব প্ৰতিচাপ বোলে। অভিলম্ব প্ৰতিচাপ তিনি প্ৰকাৰৰ :-

অনুদৈৰ্ঘ্য প্ৰতিচাপ : দৈৰ্ঘ্যৰ দিশত ক্ৰিয়া কৰা প্ৰতিচাপ। | চিত্ৰ : 1.1

সংকোচন প্ৰতিচাপ : দৈৰ্ঘ্যৰ দুয়োমূৰৰ পৰা ক্ৰিয়া কৰা বলৰ ফলত হোৱা প্ৰতিচাপ। | চিত্ৰ : 1.2

জলীয় প্ৰতিচাপ : আকৃতিৰ কোনো পৰিৱৰ্তন নোহোৱাকৈ কেৱল আয়তনৰ পৰিৱৰ্তনৰ ফলত সৃষ্টি হোৱা প্ৰতিচাপ। | চিত্ৰ : 1.3