Expt. No. 1
উদ্দেশ্যঃ উত্তৰ মেৰু উত্তৰ মুখাকৈ ৰাখি চুম্বকীয় মধ্যতলত স্থাপিত দণ্ড চুম্বকৰ চৌপাশে চুম্বক বলৰেখা অংকন কৰি উদাসীন বিন্দু চিহ্নিত কৰিব লাগে।
সঁজুলিঃ
ড্ৰয়িং বোৰ্ড আৰু পিন, দণ্ড চুম্বক, চুম্বক শলা, কাগজ, পিন আদি।
মূলনীতিঃ
চুম্বকক্ষেত্ৰৰ যি বক্ৰৰেখাৰ প্ৰত্যেক বিন্দুতে টনা স্পৰ্শকে সেই বিন্দুৰ লব্ধ চুম্বক-ক্ষেত্ৰৰ দিশ নিৰ্দেশ কৰে, তাকে চুম্বক বলৰেখা বোলে। চুম্বকক্ষেত্ৰৰ যিকোনো বিন্দুত ৰখা চুম্বক শলা সেই বিন্দুৰ বলৰেখাৰ স্পৰ্শকৰ দিশত স্থিৰ হৈ থাকে।
যি বিন্দুত ভূ-চুম্বক ক্ষেত্ৰৰ প্ৰাবল্যই দণ্ড চুম্বকৰ প্ৰাবল্যক প্ৰশমিত কৰে, তাক উদাসীন বিন্দু বোলে। এই বিন্দুত লব্ধ ক্ষেত্ৰ প্ৰাবল্যৰ মান শূন্য। ইয়াত ৰখা চুম্বক শলাই যিকোনো দিশ নিৰ্দেশ কৰিব।
কাৰ্যপদ্ধতিঃ
১) ড্ৰয়িং বোৰ্ডত কাগজখন লগাই লৈ মেজৰ পৰা চুম্বক আৰু চুম্বকীয় বস্তুবোৰ আঁতৰ কৰা হয়। কাগজৰ তলৰ অংশত দণ্ড চুম্বকডাল ৰাখি তাৰ চাৰিসীমাত চুম্বক অঁকা হয়। এতিয়া চুম্বকডাল আঁতৰাই তাৰ চাৰিসীমাত চুম্বক শলাডাল ৰাখি বোৰ্ডখন লাহেকৈ তেনেকৈ ঘূৰোৱা হয়, যাতে চুম্বকৰ চাৰিসীমা চুম্বক শলাৰ সমান্তৰাল হয়।
২) বোৰ্ডখনৰ চাৰিওফালে পেঞ্চিলেৰে দাগ দিয়া হয় যাতে লচৰ হলেও বোৰ্ডখন আকৌ আগৰ ঠাইলৈ আনিব পাৰি। চুম্বকডাল চাৰিসীমাতে তেনেকৈ ৰখা হয়, যাতে তাৰ উত্তৰ মেৰু ভৌগোলিক উত্তৰ মেৰু দিশে থাকে।
৩) চুম্বক শলাডাল চুম্বকৰ উত্তৰ মেৰুৰ ওচৰত ৰখা হয়। কাঁটাডাল স্থিৰ হ’লে তাৰ দুই মূৰত দুটা চিন দিয়া হয়। শলাডালৰ স্থান তেতিয়া আকৌ তেনেকৈ পৰিৱৰ্তন কৰা হয়। যাতে আগৰ উত্তৰ মেৰুৰ দাগটো ইয়াৰ দক্ষিণ মেৰুৰ তলত থাকে। সেইবাৰ উত্তৰ মেৰুৰ তলত তেতিয়া দাগ দিয়া হয়। সেইদৰে চুম্বক শলাৰ স্থান পৰিৱৰ্তন কৰি সিটো মেৰু নোপোৱালৈ দাগদি যোৱা হয়। তেতিয়া মুক্ত ৰেখাৰ দ্বাৰা এই দাগবোৰ সংযোগ কৰা হয়। কাঁড় চিনেৰে তাৰ দিশনিৰ্দেশ কৰা হয়। সেইডালেই বলৰেখা।
৪) সেইদৰে চুম্বকডালৰ এফালৰ কিছুসংখ্যক বলৰেখা অঁকা হয়। ক্ৰমে বলৰেখাবোৰৰ দূৰত্ব বাঢ়ি গৈ থাকে, কিছুদূৰত ভূ-চুম্বকৰ বলৰেখাও পোৱা যায়। সেইৰেখা বোৰ চুম্বক ডালৰ যিমানে ওচৰ চাপে সিমানে বেঁকা হয়।
৫) চুম্বকডালৰ কিছু আঁতৰত চাৰিডাল বলৰেখাৰেই আগুৰা অঞ্চল ৰৈ যায়। সেই অঞ্চলত বেছি সংখ্যক বলৰেখা আঁকি গ’লে অঞ্চল দুটা ক্ৰমে সৰু হৈ এটা বিন্দুত হ’বগৈ। ইয়েই উদাসীন বিন্দু। সেই বিন্দুত চুম্বক শলাক যেনেকৈ ৰখা যায়, তেনেকৈ থাকে। সেই বিন্দুত (X) চিন দিয়া হয়।
পৰ্যবেক্ষণ
অংকন কৰা বলৰেখাৰ চিত্ৰ অনুসূচীত থকাৰ দৰে।

ফলাফল :-
মধ্যস্থানত থকা দণ্ড চুম্বকৰ পৰা দূৰত্বত উদাসীন বিন্দুটো পোৱা গ’ল।
① চুম্বক ক্ষেত্ৰখন চুম্বক অক্ষৰ দুয়োফালে সমমিত হয়। সেইবাবে, এফালৰ বলৰেখাৰ চিত্ৰ অংকন কৰিলেই যথেষ্ট।
② চুম্বক অক্ষৰ লম্ব সমদ্বিখণ্ডকৰ ওপৰত দুয়োফালে দুটা উদাসীন বিন্দু থাকে।
সতৰ্কতা :-
① বলৰেখাত দিয়া কাঁড় চিনেৰে দিশ নিৰ্দেশ কৰিব লাগে।
② ভূ-চুম্বকৰ বলৰেখাৰ দিশ ভৌগোলিক দক্ষিণ মেৰুৰ পৰা উত্তৰ মেৰুলৈ হয়।