SEBA HSLC : Class 10 Science
অধ্যায় ১ – ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ | ১০ বছৰৰ PYQ
দশম শ্ৰেণীৰ বিজ্ঞানৰ অধ্যায় ১ – “ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ” ৰ বিগত ১০ বছৰৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ : Previous Year Questions (PYQ) সমূহ ইয়াত আলোচনা কৰা হৈছে।
📚 Topic Coverage
এই অধ্যায়ত তলৰ গুৰুত্বপূৰ্ণ বিষয়সমূহ সামৰি লোৱা হৈছে—
🔹 ৰাসায়নিক বিক্ৰিয়া — সংজ্ঞা, লক্ষণ আৰু উদাহৰণ
🔹 ৰাসায়নিক সমীকৰণ — শব্দ সমীকৰণ আৰু সাংকেতিক সমীকৰণ
🔹 সমীকৰণৰ সমতুল্যতা (Balancing Chemical Equations)
🔹 ৰাসায়নিক বিক্ৰিয়াৰ প্ৰকাৰ — সংযোজন, বিয়োজন, প্ৰতিস্থাপন আৰু দ্বি-প্ৰতিস্থাপন বিক্ৰিয়া
🔹 জাৰণ আৰু বিজাৰণ (Oxidation & Reduction)
🔹 জাৰণ-বিজাৰণ বিক্ৰিয়া (Redox Reaction)
🔹 তাপীয় বিয়োজন আৰু অন্যান্য গুৰুত্বপূৰ্ণ বিক্ৰিয়া
🔹 দৈনন্দিন জীৱনত জাৰণৰ প্ৰভাৱ — ক্ষয় (Corrosion) আৰু ৰেঞ্চিডিটি (Rancidity)
🔹 গুৰুত্বপূৰ্ণ ৰাসায়নিক সমীকৰণ আৰু পৰীক্ষামূলক প্ৰশ্ন
📂 ১. বহুবিকল্পী প্ৰশ্ন (MCQ) – ১ নম্বৰীয়া
1. তলৰ বিক্ৰিয়াটো এটা বিক্ৰিয়াৰ_____ [HSLC 2020, 2015]
(a) সংযোজন বিক্ৰিয়া
(b) দ্বি-অপসৰণ বিক্ৰিয়া
(c) বিযোজন বিক্ৰিয়া
(d) অপসৰণ বিক্ৰিয়া
উত্তৰ: (d) অপসৰণ বিক্ৰিয়া
2. বগা ৰঙৰ চিলভাৰ ক্ল’ৰাইড সূৰ্যৰ পোহৰত ধূসৰ ৰঙৰ হোৱা বিক্ৰিয়াটো কিহৰ উদাহৰণ? [HSLC 2024]
(a) সংযোজন বিক্ৰিয়া
(b) অপসৰণ বিক্ৰিয়া
(c) বিযোজন বিক্ৰিয়া
(d) দ্বি-অপসৰণ বিক্ৰিয়া
উত্তৰ: (c) বিযোজন বিক্ৰিয়া
3. লঘু হাইড্ৰ’ক্লৰিক এচিড লোৰ গুৰিত যোগ কৰিলে কি ঘটে? [HSLC 2016]
(a) হাইড্ৰ’জেন গেছ আৰু আইৰণ ক্ল’ৰাইড উৎপন্ন হয়।
(b) ক্ল’ৰিন গেছ আৰু আইৰণ হাইড্ৰক্সাইড উৎপন্ন হয়।
(c) কোনো বিক্ৰিয়া নঘটে।
(d) আইৰণ লৱণ আৰু পানী উৎপন্ন হয়।
উত্তৰ: (a) হাইড্ৰ’জেন গেছ আৰু আইৰণ ক্ল’ৰাইড উৎপন্ন হয়।
📂 ২. অতি চুটি প্ৰশ্নোত্তৰ (VSA) – ১ নম্বৰীয়া
1. বায়ুত দহন কৰাৰ আগতে মেগনেচিয়াম ফিটা এডাল পৰিষ্কাৰ কৰি ল’ব লাগে কিয়? [HSLC 2019]
উত্তৰ: মেগনেচিয়ামৰ ওপৰত থকা নিষ্ক্ৰিয় মেগনেচিয়াম অক্সাইড/কাৰ্বনেটৰ প্ৰতিৰক্ষামূলক আৱৰণটো আঁতৰাই দহন প্ৰক্ৰিয়াটো সহজ কৰিবলৈ ইয়াক ছিৰিজ পেপাৰৰে ঘঁহি পৰিষ্কাৰ কৰা হয়।
2. তলৰ বিক্ৰিয়াটোৰ বাবে সন্তুলিত ৰাসায়নিক সমীকৰণ লিখা: [HSLC 2016]
উত্তৰ: H₂(g) + Cl₂(g) → 2HCl(g)
3. তলৰ বিক্ৰিয়াটোৰ বাবে সন্তুলিত ৰাসায়নিক সমীকৰণ লিখা: [HSLC 2016]
উত্তৰ: 2Na(s) + 2H₂O(l) → 2NaOH(aq) + H₂(g)
4. এটা পদাৰ্থ ‘X’ ৰ দ্ৰৱক দেৱাল বগা কৰিবলৈ ব্যৱহাৰ কৰা হয়। পদাৰ্থ ‘X’ ৰ নাম আৰু সংকেত লিখা। [HSLC 2022]
উত্তৰ: পদাৰ্থ ‘X’ হ’ল কেলচিয়াম অক্সাইড (পোৰা চূণ)। ইয়াৰ সংকেত হ’ল CaO।
📂 ৩. চুটি প্ৰশ্নোত্তৰ (SA) – ২ নম্বৰীয়া
1. লোৰ গজাল এটা কপাৰ ছালফেটৰ দ্ৰৱণত ডুবাই ৰাখিলে দ্ৰৱণটোৰ ৰঙৰ কিয় পৰিবৰ্তন ঘটে? ৰাসায়নিক সমীকৰণটো লিখা। [HSLC 2024]
উত্তৰ: লো, কপাৰতকৈ অধিক সক্ৰিয় ধাতু। সেয়েহে ই কপাৰ ছালফেট দ্ৰৱণৰ পৰা কপাৰক অপসাৰিত কৰি পাতল সেউজীয়া ৰঙৰ আইৰণ ছালফেট (FeSO₄) গঠন কৰে।
সমীকৰণ: Fe(s) + CuSO₄(aq) → FeSO₄(aq) + Cu(s)
2. তলৰ ৰাসায়নিক সমীকৰণটো সন্তুলিত কৰা: [HSLC 2023]
উত্তৰ: 2HNO₃ + Ca(OH)₂ → Ca(NO₃)₂ + 2H₂O
3. তলৰ ৰাসায়নিক সমীকৰণটো সন্তুলিত কৰা: [HSLC 2018]
উত্তৰ: 2NaOH + H₂SO₄ → Na₂SO₄ + 2H₂O
4. তলৰ বিক্ৰিয়াটোত জাৰিত আৰু বিজাৰিত হোৱা পদাৰ্থ দুটা চিনাক্ত কৰা: [HSLC 2022]
উত্তৰ: জাৰিত পদাৰ্থ: H₂ (অক্সিজেন লাভ কৰিছে) আৰু বিজাৰিত পদাৰ্থ: CuO (অক্সিজেন হেৰুৱাইছে)।
5. তৈল আৰু চৰ্বি থকা খাদ্যবস্তু নাইট্ৰ’জেন গেছৰ পৰিৱেশত পেকেট কৰা হয় কিয়? [HSLC 2019]
উত্তৰ: খাদ্যবস্তুবোৰ যাতে বায়ুৰ অক্সিজেনৰ সংস্পৰ্শত আহি জাৰিত হৈ দুৰ্গন্ধযুক্ত আৰু সোৱাদহীন (Rancid) হৈ নপৰে, তাৰ বাবে পেকেটত নিষ্ক্ৰিয় নাইট্ৰ’জেন গেছ ভৰাই দিয়া হয়।
6. লোৰ তৈয়াৰী সামগ্ৰীত ৰং লগোৱা হয় কিয়? [HSLC 2017]
উত্তৰ: লোৰ সামগ্ৰীবোৰক বায়ুৰ অক্সিজেন আৰু জলীয় ভাপৰ সংস্পৰ্শৰ পৰা আঁতৰাই ৰাখি মামৰে ধৰা (Rusting) প্ৰক্ৰিয়াৰ পৰা সুৰক্ষিত কৰিবলৈ ৰং লগোৱা হয়।
📂 ৪. দীঘল প্ৰশ্নোত্তৰ (LA) – ৩ নম্বৰীয়া
1. শ্বসন প্ৰক্ৰিয়াটোক কিয় তাপবৰ্জী বিক্ৰিয়া বুলি কোৱা হয়? ব্যাখ্যা কৰা। [H
SLC 2023]
উত্তৰ: গ্লুকোজে আমাৰ শৰীৰৰ কোষত থকা অক্সিজেনৰ সৈতে বিক্ৰিয়া কৰি কাৰ্বন ডাই অক্সাইড, পানী আৰু জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় শক্তি (তাপ) উৎপন্ন কৰে। যিহেতু এই বিক্ৰিয়াত শক্তি মুক্ত হয়, সেয়েহে শ্বসনক তাপবৰ্জী বিক্ৰিয়া বোলে।
সমীকৰণ: C₆H₁₂O₆ + 6O₂ → 6CO₂ + 6H₂O + শক্তি
2. উদাহৰণসহ সংজ্ঞা লিখা:
(i) দ্বি-অপসৰণ বিক্ৰিয়া,
(ii) অধঃক্ষেপণ বিক্ৰিয়া। [HSLC 2020]
উত্তৰ:
(i) দ্বি-অপসৰণ বিক্ৰিয়া: যি বিক্ৰিয়াত বিক্ৰিয়ক পদাৰ্থ দুটাৰ মাজত আয়নৰ বিনিময় ঘটে। উদাহৰণ:
(ii) অধঃক্ষেপণ বিক্ৰিয়া: যি বিক্ৰিয়াত এটা অদ্ৰৱণীয় টান পদাৰ্থ (অধঃক্ষেপ) উৎপন্ন হয়।
3. সন্তুলিত ৰাসায়নিক সমীকৰণ কি? ৰাসায়নিক সমীকৰণসমূহ কিয় সন্তুলিত কৰিব লাগে? [HSLC 2017]
উত্তৰ: যি ৰাসায়নিক সমীকৰণত উভয় পক্ষতে থকা প্ৰতিটো মৌলৰ পৰমাণুৰ সংখ্যা সমান হৈ থাকে, তাক সন্তুলিত সমীকৰণ বোলে। ভৰ সংৰক্ষণ সূত্ৰ অনুসৰি, যিকোনো ৰাসায়নিক বিক্ৰিয়াত ভৰৰ সৃষ্টি বা বিনাশ হ’ব নোৱাৰে। সেয়েহে সমীকৰণসমূহ সন্তুলিত কৰা প্ৰয়োজন।
4. তাপবৰ্জী আৰু তাপগ্ৰাহী বিক্ৰিয়াৰ মাজৰ পাৰ্থক্য কি? উদাহৰণ দিয়া। [HSLC 2018]
উত্তৰ:
- তাপবৰ্জী বিক্ৰিয়া: যি বিক্ৰিয়াত সামগ্ৰী উৎপাদনৰ লগতে তাপ উৎপন্ন হয়। (যেনে: CH₄ + 2O₂ → CO₂ + 2H₂O + তাপ)
- তাপগ্ৰাহী বিক্ৰিয়া: যি বিক্ৰিয়াত বিক্ৰিয়াটো ঘটিবলৈ বাহিৰৰ পৰা তাপ বা শক্তি শোষণ হয়। (যেনে: )
5. বিযোজন বিক্ৰিয়াক সংযোজন বিক্ৰিয়াৰ বিপৰীত বোলা হয় কিয়? এই বিক্ৰিয়াসমূহৰ বাবে সমীকৰণ লিখা। [HSLC 2015]
উত্তৰ: সংযোজন বিক্ৰিয়াত দুটা বা ততোধিক বিক্ৰিয়ক লগ হৈ এটা মাত্ৰ পদাৰ্থ উৎপন্ন কৰে (C + O₂ → CO₂)। আনহাতে, বিযোজন বিক্ৰিয়াত এটা মাত্ৰ বিক্ৰিয়ক ভাঙি একাধিক সৰল পদাৰ্থ উৎপন্ন হয় (CaCO₃ → CaO + CO₂)। সেয়ে ই বিপৰীত।