Animal Physiology In Assamese

Assam VFA (Veterinary Field Assistant) Exam-ক লক্ষ্য কৰি সম্পূৰ্ণ অসমীয়া ভাষাত High-Yield Biology Revision Notes (Animal Physiology Focus) তলত দিয়া হ’ল।

প্ৰাণী শৰীৰতত্ত্ব (Animal Physiology) জীৱবিজ্ঞানৰ এটা গুৰুত্বপূৰ্ণ শাখা, য’ত প্ৰাণীৰ দেহৰ বিভিন্ন অংগ, অংগ-তন্ত্ৰ আৰু সেইবোৰৰ স্বাভাৱিক কাৰ্যকলাপৰ বিষয়ে অধ্যয়ন কৰা হয়। পৰিপুষ্টি, শ্বাস-প্ৰশ্বাস, ৰক্তসঞ্চালন, নিষ্কাশন, চলন, সমন্বয় আৰু প্ৰজনন আদি প্ৰক্ৰিয়াৰ জৰিয়তে প্ৰাণীয়ে কেনেকৈ জীৱন ধাৰণ কৰে, সেই বিষয় হল Animal Physiology । এই Short Notes-ত বিষয়টোৰ গুৰুত্বপূৰ্ণ ধাৰণা, সংজ্ঞা আৰু পৰীক্ষাত সঘনাই সোধা পইণ্টসমূহ সহজ আৰু সংক্ষিপ্তভাৱে উপস্থাপন কৰা হৈছে। ই ছাত্ৰ-ছাত্ৰীসকলক smart revision আৰু পৰীক্ষাৰ প্ৰস্তুতিত সহায় কৰিব বুলি আমি আশবাদী।

Animal Physiology In Assamese

🎯 Quick Revision & Summary: Animal Physiology ( In Assamese)

Assam VFA Exam 2026


🥛 ১/ পাচন তন্ত্ৰ (Digestive System):

পাচন তন্ত্ৰ হৈছে প্ৰাণীৰ দেহৰ এটা গুৰুত্বপূৰ্ণ অংগ-তন্ত্ৰ, যিয়ে খাদ্য গ্ৰহণ, খাদ্যৰ পাচন, পুষ্টিকৰ পদাৰ্থৰ শোষণ আৰু পদাৰ্থৰ নিষ্কাশনত সহায় কৰে। খাদ্যত থকা জটিল কাৰ্বহাইড্ৰেট, প্ৰ’টিন আৰু চৰ্বিক সৰল আৰু শোষণযোগ্য পদাৰ্থলৈ ভাঙি পেলোৱাকে পাচন (Digestion) বোলে। পাচন তন্ত্ৰ ৰ মুখ্য অংশ বোৰ তলত আলোচনা কৰা হল।

ৰুমিনেন্ট প্ৰাণীৰ পাকস্থলী (Ruminant Stomach): চাৰিটা কোঠালী — Rumen, Reticulum, Omasum, Abomasum.

বৃহত্তম অংশ: ৰুমেন (Rumen) —ইয়াত চেলুল’জৰ পাচন (Cellulose Fermentation) ঘটে।

জাবৰ কটা (Regurgitation): ৰেটিকুলাম (Reticulum) — মৌচাক সদৃশ গঠন (Honeycomb).

পাচনৰ মুখ্য স্থান = ক্ষুদ্ৰান্ত্ৰ

পুষ্টিকৰ পদাৰ্থৰ মুখ্য শোষণ = ক্ষুদ্ৰান্ত্ৰৰ ভিলাইৰ জৰিয়তে হয়।

পাকস্থলীৰ প্ৰধান উপাদান (True Stomach): HCl এচিড আৰু পেপচিন ক্ষৰণ কৰে।


🩸 ২/ ৰক্ত সংবহন তন্ত্ৰ (Circulatory System)

ৰক্ত সংবহন তন্ত্ৰ হৈছে দেহৰ এটা গুৰুত্বপূৰ্ণ তন্ত্ৰ, যিয়ে তেজৰ সহায়ত দেহৰ বিভিন্ন অংশলৈ অক্সিজেন, পুষ্টিকৰ পদাৰ্থ, হৰম’ন আদি কঢ়িয়াই নিয়ে আৰু কাৰ্বন ডাই-অক্সাইড আৰু বিপাকীয় বৰ্জ্য পদাৰ্থ আঁতৰোৱাত সহায় কৰে। মানুহৰ ৰক্ত সংবহন তন্ত্ৰ মূলতঃ হৃদযন্ত্ৰ, ৰক্ত আৰু ৰক্তনলীৰ দ্বাৰা গঠিত।

হৃদযন্ত্ৰ কোঠালী: স্তন্যপায়ী আৰু পক্ষীৰ হৃদযন্ত্ৰ ৪ টা কোঠালীযুক্ত (২ অলিন্দ, ২ নিলয়)।

RBC ব্যতিক্ৰম: স্তন্যপায়ীৰ পূৰঠ RBC-ত নিউক্লিয়াছ নাথাকে। কিন্তু উট (Camel) আৰু লামা (Llama)-ৰ RBC নিউক্লিয়াছযুক্ত।

তেজ গোট মৰাত (Blood Clotting): আৱশ্যকীয় উপাদান — ভিটামিন কে (Vitamin K) আৰু কেলচিয়াম (Ca²⁺) আয়ন।

ধমনী (Arteries): হৃদযন্ত্ৰৰ পৰা তেজ দেহৰ বিভিন্ন অংশলৈ কঢ়িয়াই নিয়ে।

সিৰা (Veins): দেহৰ বিভিন্ন অংশৰ পৰা তেজ হৃদযন্ত্ৰলৈ ঘূৰাই আনে।


৩/ শ্বসন তন্ত্ৰ (Respiratory System)

শ্বসন তন্ত্ৰ হৈছে প্ৰাণীৰ দেহৰ এটা গুৰুত্বপূৰ্ণ অংগ-তন্ত্ৰ, যিয়ে দেহলৈ অক্সিজেন (O₂) গ্ৰহণ আৰু দেহৰ পৰা কাৰ্বন ডাই-অক্সাইড (CO₂) বাহিৰ কৰাত সহায় কৰে। অক্সিজেন কোষীয় শ্বসনৰ বাবে প্ৰয়োজনীয়, যাৰ জৰিয়তে খাদ্যৰ পৰা শক্তি উৎপন্ন হয়। কিন্তু অবাত শ্বসনত অক্সিজেন অবিহনে ঘটে।

গেছীয় বিনিময়: হাঁওফাঁওৰ বায়ুকোষত (Alveoli) ব্যাপন (Diffusion সমভাৱে বিতৰণ) প্ৰক্ৰিয়াৰে হয়।

ডায়াফ্ৰাম (Diaphragm): কেৱল স্তন্যপায়ী (Mammals) প্ৰাণীৰ হে থাকে।

ৰঞ্জক (Pigments): তেজত হিম’গ্ল’বিন (লো/Fe যুক্ত) আৰু পেশীত মায়’গ্ল’বিন।


🧪 ৪/ গুৰুত্বপূৰ্ণ হৰমন (Important Hormones)

হৰমন হৈছে অন্তঃস্ৰাৱী গ্ৰন্থিৰ দ্বাৰা নিঃসৃত এক বিশেষ ৰাসায়নিক পদাৰ্থ, যিয়ে দেহৰ বিভিন্ন শাৰীৰিক কাৰ্যকলাপ নিয়ন্ত্ৰণ আৰু সমন্বয় কৰে। বৃদ্ধি, বিপাক, প্ৰজনন, ৰক্তৰ গ্লুক’জৰ পৰিমাণ আৰু পানীৰ ভাৰসাম্য আদি নিয়ন্ত্ৰণত হৰমনৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে।

গাখীৰ ওলোৱা হৰমন (Milk Letdown): অক্সিট’চিন (Oxytocin) — পশ্চাৎ পিটুইটাৰী গ্ৰন্থি।

গাখীৰ উৎপাদন কৰা হৰমন (Milk Synthesis): প্ৰ’লেক্টিন (Prolactin) — সমুখ পিটুইটাৰী গ্ৰন্থি।

তেজৰ শৰ্কৰা নি়ন্ত্ৰণ কৰা হৰমন (Blood Glucose): ইনচুলিন (Insulin) — অগ্ন্যাশয়ৰ বিটা কোষ।

জৰুৰীকালীন হৰমন (Emergency): এড্ৰেনালিন (Adrenaline) — এড্ৰেনাল গ্ৰন্থি।

এড্ৰেনালিনে হৃদস্পন্দন আৰু উশাহ-নিশাহৰ হাৰ বৃদ্ধি কৰি দেহক তৎক্ষণাৎ পৰিস্থিতিৰ সন্মুখীন হ’বলৈ সাজু কৰে। সেয়েহে ইয়াক জৰুৰীকালীন হৰম’ন বুলি কোৱা হয়।


🦠 ৫/ অতি দৰকাৰী পশু ৰোগ (High-Yield Diseases)

পশু-পক্ষীৰ বিভিন্ন ৰোগে সিহঁতৰ স্বাস্থ্য, উৎপাদনশীলতা আৰু জীৱন-ধাৰণত গুৰুতৰ প্ৰভাৱ পেলাব পাৰে। এই ৰোগসমূহৰ কাৰক জীৱ বা অনুজীৱ, সংক্ৰমণৰ মাধ্যম আৰু মুখ্য লক্ষণ আদি পৰীক্ষাৰ বাবে বিশেষভাৱে গুৰুত্বপূৰ্ণ।

খাদ্য আৰু মুখৰ ৰোগ FMD (Foot & Mouth Disease): সাধাৰণতে ভাইৰাছ দ্বাৰাই আক্ৰান্ত হয়। ভাইৰাছ: এফ্থ’ভাইৰাছ , Aphthovirus) 

মুখ্য লক্ষণ: খুৰা আৰু মুখৰ ঘাঁ।

এন্থ্ৰাক্স (Anthrax) ৰোগ : বেক্টেৰিয়া জনিত ৰোগ । বেক্টেৰিয়া: বেচিলাছ এন্থ্ৰাচিছ, Bacillus anthracis)

জুনেটিক ৰোগ (পশুৰ পৰা মানুহলৈ বিয়পে)।

মুখ্য লক্ষণ: ছালত ঘা, ক’লা কেন্দ্ৰযুক্ত ঘা (বিশেষকৈ cutaneous anthrax), জ্বৰ আৰু অসুস্থতা। লক্ষণ সংক্ৰমণৰ পথ অনুসৰি বেলেগ হ’ব পাৰে।

ব্ৰুচেল’চিছ ৰোগ (Brucellosis): বেক্টেৰিয়া জনিত ৰোগ।

বেক্টেৰিয়া: (ব্ৰুৱেচেলা , Brucella) 

মুখ্য লক্ষণ: ই গৰ্ভৱতী পশুৰ গৰ্ভপাত ঘটায়।


The above revision notes are extremely important and act as a high-scoring asset for your website’s users preparing for the Assam VFA written exam.

Why These Notes are Critical for Students

  • Biology Carries the Highest Weightage: In the official 100-mark OMR written test, Biology accounts for a massive 40% (40 Marks) of the entire paper. The remaining marks are split across Chemistry (20), Physics (20), and General Awareness (20).
  • Highly Specific to the Job Profile: While standard AHSEC/NCERT Class 11 & 12 biology covers everything, this specific note isolates Animal Physiology & Husbandry Concepts. Exam setters prioritize these topics because they directly relate to the job role of a Veterinary Field Assistant.
  • Direct Answers to Common MCQs: Standard questions regarding the “true stomach” of ruminants (Abomasum), the hormone for milk letdown (Oxytocin), or highly contagious diseases like FMD are recurrent favorites in animal husbandry technical tests.